পুনৰ অংক ছাৰে লগালে জংক পংক! আকৌ শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। এগৰাকী অংক ছাৰে কালিমা সানিলে শিক্ষক–শিক্ষাৰ্থীৰ পৱিত্ৰ সম্পৰ্কত। এগৰাকী কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীয়ে আনিছে বিস্ফোৰক অভিযোগ।

উল্লেখ্য যে, কিশোৰ শৰ্মা নামৰ অধ্যক্ষজনৰ বিৰুদ্ধে ছাত্ৰীগৰাকীয়ে উত্থাপন কৰিছে এই অভিযোগ। অভিযোগ অনুসৰি, ছাত্ৰীগৰাকীক নিশা ১২–১ বজাত ফোন কৰি অশ্লীল ইংগিত দিয়ে কিশোৰ শৰ্মাই।

‘ক’ত গৈছিলা?... গা ধুব গৈছিলো ছাৰ... পঠিয়াই দিয়া...’, অংক ছাৰক লাগে ছাত্ৰীৰ গা ধোৱা ফটো, ছাত্ৰীয়ে গা ধোৱা, কাপোৰ নিপিন্ধা ফটো বিচাৰে অংক ছাৰে।
ক্লাছ চলাৰ সময়তো এইজন শিক্ষকে ভৰিত ভৰি লগাই দিয়ে অশালীন ইংগিত। ক্লাছৰ শেষত বলপূৰ্বকভাৱে ছাত্ৰীক চুম্বন কৰাৰো অভিযোগ উত্থাপন হৈছে। ফোনযোগে হোৱা সমগ্ৰ কথা–বতৰা ছাত্ৰীগৰাকীয়ে ৰেকৰ্ডিং কৰি ৰাখিলে ফোনত। শিক্ষকজনে হোৱাট্ছএপতো আপত্তিজনক মেছেজ দিয়াৰ অভিযোগ।
- Log in to post comments