কেনে আছে ভাৰতৰ লেণ্ডাৰ বিক্ৰম? এইবাৰ নাছাই শ্বেয়াৰ কৰিলে বিক্ৰমৰ খবৰ!........

NASA

চন্দ্ৰৰ দক্ষিণ মেৰুত ইতিহাস ৰচিলে ভাৰতৰ চন্দ্ৰযান-৩ য়ে। কেৱল ভাৰতৰেই নহয়, সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ আছে ভাৰতৰ চন্দ্ৰযান-৩ ৰ ওপৰত। এইবাৰ নাছাই শ্বেয়াৰ কৰিছে লেণ্ডাৰ বিক্ৰমৰ ছবি। লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ মাটিত থিয় হৈ থকা ফটো শ্বেয়াৰ কৰিছে নাছাই।

এই ছবিখন আমেৰিকাৰ মহাকাশ সংস্থাই ইয়াৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে। আনহাতে, নাছাই শ্বেয়াৰ কৰা পোষ্টটোৰ মতে, এই ছবিখন নাছাৰ এল আৰ অ' মহাকাশযানৰ পৰা লোৱা হৈছে।

nasa

উল্লেখ্য যে,  ছবিখনত বিক্ৰম দক্ষিণ মেৰুৰ পৰা ৬০০ কিলোমিটাৰ দূৰত্বত থিয় হৈ থকা দেখা গৈছে।

মন কৰিবলগীয়া যে বৰ্তমান লেণ্ডাৰ বিক্ৰম আৰু ৰ'ভাৰ প্ৰজ্ঞান দুয়োটাই 'স্লিপ মোড'ত আছে। নিৰ্ধাৰিত সময়ৰ দুদিনমান আগতেই তেওঁলোকক শুৱাই দিয়া হৈছে। ইয়াৰ পিছত ২২ ছেপ্টেম্বৰত পুনৰ সাৰ পোৱাৰ কথা।

nasa

চন্দ্ৰৰ মাটিত ইতিহাস সৃষ্টি কৰা দেখা গৈছে ভাৰতৰ চন্দ্ৰযানে। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছত ই দ্বিতীয়বাৰৰ বাবে মসৃন অৱতৰণ কৰিছে। ইয়াৰ উপৰিও প্ৰজ্ঞানে চন্দ্ৰৰ ত্রিমাত্রিক ছবি এখনো তুলিছে।

Category
Profile picture for user UB Photos