‘One nation one election’ক লৈ বিশেষ কমিটী গঠন! কি এই ‘One nation one election’? সবিশেষ জানো আহক.......

politics

২০২৪ ত লোকসভা নিৰ্বাচনৰ লগতে হ'ব পাৰে বিধানসভাৰ নিৰ্বাচন! কেন্দ্ৰীয় চৰকাৰে One Nation One Electionক লৈ এইবাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে গঠন কৰা হৈছে এক বিশেষ কমিটী। বিশেষ কমিটিৰ অধ্যক্ষৰ দায়িত্বত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ। 

politics

উল্লেখ্য যে, কেন্দ্ৰই One Nation One Electionৰ নীতি গ্ৰহণ কৰিছে যদিও এই বিষয় বৰ্তমানেও প্ৰাৰম্ভিক অৱস্থাতে আছে। কমিটিয়ে প্ৰতিবেদন দাখিল কৰাৰ পাছতে আৰম্ভ হ’ব One Nation One Election ৰ প্ৰক্ৰিয়া। এই সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিব জাননী। বিশেষ কমিটিয়ে সকলোৰে পৰা ল'ব মতামত। 

politics

আনহাতে, খবৰ অনুসৰি, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ লগতে এই কমিটীত আৰু দুজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশো থকাৰ কথা। ভাৰতৰ দৰে বৃহৎ জনসংখ্যাৰ দেশত ‘One nation one election’ কিমান বাস্তৱসন্মত পদক্ষেপ হ’ব পাৰে, সেয়া বুজাৰ চেষ্টা কৰিব এই কমিটীয়ে।

এতিয়া প্ৰশ্ন হৈছে এই  ‘One nation one election’ কি? 

politics

আচলতে ‘One nation one election’ এক প্ৰস্তাৱ য’ত লোকসভা আৰু সকলো ৰাজ্যৰ বিধানসভাৰ বাবে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ অৰ্থ এয়াই যে নিৰ্বাচন সমগ্ৰ দেশত এটাই হ’ব। বৰ্তমান সময়ত প্ৰতি পাঁচ বছৰৰ পিছত লোকসভা আৰু ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতি ৩ৰ পৰা ৫ বছৰত নিৰ্বাচন অনুষ্ঠিত হয়। এই কমিটীৰ উদ্দেশ্য এয়াই যে তেওঁলোকে দল, নেতাৰ সৈতে সাধাৰণ লোকৰ পৰামৰ্শ শুনিব। তেওঁলোকৰ ৰায় ল’ব। ইয়াৰ পিছত এক খচৰা প্ৰস্তুত কৰা হ’ব। ইয়াৰ পিছত চৰকাৰে আইন প্ৰণয়নৰ বাবে আগবাঢ়িব আৰু সংসদত বিধেয়ক লৈ আহিব।

Category
Profile picture for user UB Photos