ভাৰতৰ চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত............

ISRO

মহাকাশ অভিযানত ইতিহাস ৰচিবলৈ সাজু ভাৰতবৰ্ষ! মাজত মাত্ৰ কেইটামান মুহূৰ্ত। তাৰ পাছতে এক নতুন ইতিহাসৰ সাক্ষী হ'ব বিশ্ববাসী। 

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে চন্দ্ৰলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-৩ আজি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। এই চন্দ্ৰযান-৩ ইতিমধ্যে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত উপনীত হৈছে। কিছু মুহূৰ্তৰ পাছতে আজি সন্ধিয়াৰ ভাগত দক্ষিণ মেৰুত পৃষ্ঠভূমিত অৱতৰণ কৰিব চন্দ্ৰযান- য়ে।

সেয়ে সমগ্ৰ বিশ্বজুৰি বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে চন্দ্ৰযান-৩। ৰাছিয়াৰ চন্দ্ৰ অভিযান ‘লুনা-২৫’ বিফল হোৱাৰ পিছত সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ আছে ভাৰতৰ 'চন্দ্ৰযান-৩' ৰ ওপৰত। 

ISRO

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ বাবেও যেন এক গৌৰৱৰ ক্ষণ। চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত। ভাৰতৰ মহাকাশ গৱেষণাৰ এক উল্লেখযোগ্য সংযোজন হিচাপে চন্দ্ৰযান-৩ নিজৰ লক্ষ্যস্থানৰ দিশত ধাৱমান হৈছে। বিক্ৰম লেণ্ডাৰৰ পৰা পৃথক হৈ বৰ্তমান চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠৰ নিৰ্ধাৰিত লক্ষ্যস্থানত অৱতৰণৰ দিশত অগ্ৰসৰ হৈছে।

চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত। বৈজ্ঞানিক চয়ন দত্ত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।

Category