আৰম্ভ হ'ল কাউন্ট ডাউন! এতিয়া মাথো অপেক্ষা;আজি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব ভাৰতৰ 'চন্দ্ৰযান-৩' য়ে.........

chandrayan

সৰ্বত্ৰে কেৱল উৎকণ্ঠা। মাজত মাত্ৰ কেইটামান মুহূৰ্ত। চন্দ্ৰৰ দেশত ইতিহাস ৰচিব ভাৰতে, অপেক্ষা বিশ্ববাসীৰ। আজি সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰপৃষ্ঠত লেণ্ডিং কৰিব 'চন্দ্ৰযান-৩'য়ে। 

চন্দ্ৰযান–৩ৰ ওপৰত ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ হৈ আছে। লেণ্ডাৰ (বিক্ৰম) আৰু ৰ’ভাৰ (প্ৰজ্ঞান)ৰ সৈতে যুক্ত লেণ্ডাৰ মডিউলে সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত ছফ্ট লেণ্ডিং কৰাৰ আশা কৰা হৈছে। লেণ্ডিঙৰ প্ৰায় চাৰি ঘণ্টা পিছত লেণ্ডাৰ বিক্ৰমৰ ভিতৰৰ পৰা ৰ’ভাৰ প্ৰজ্ঞান বাহিৰলৈ ওলাব। দুয়ো মিলি চন্দ্ৰৰ দক্ষিণ মেৰুৰ খবৰ প্ৰেৰণ কৰিব।

chandrayan

উল্লেখ্য যে, অৱতৰণৰ প্ৰায় ২ ঘণ্টা পূৰ্বৰ পৰাই ‘ইছৰো’ৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা হব ‘ছফ্ট লেণ্ডিং’ৰ প্ৰক্ৰিয়া। চন্দ্ৰপৃষ্ঠৰ ৩০ কিলোমিটাৰ ওপৰৰ পৰা ৰোভাৰ প্ৰজ্ঞানৰ সৈতে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ চেষ্টা কৰিব লেণ্ডাৰ বিক্ৰমে। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছত পৃথিৱীৰ সময় অনুসৰি আগন্তুক ১৪ দিনৰ বাবে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাব ৰ'ভাৰ প্ৰজ্ঞানে । চন্দ্ৰৰ দক্ষিণ মেৰুত পানীৰ সন্ধান কৰাৰ লগতে তাৰ গেছীয় পৰিৱেশ আৰু গহ্বৰবোৰৰো পৰীক্ষা কৰিব।

chandrayan

উল্লেখ্য যে, ১৪ দিনৰ বাবেহে কাৰ্যক্ষম হৈ থাকিব চন্দ্ৰযান-৩। কাৰণ চন্দ্ৰপৃষ্ঠত একেৰাহে ১৪ দিনৰ বাবে পৰে সূৰ্যৰ ৰশ্মি আনহাতে বাকী ১৪ দিনৰ বাবে ই সম্পূৰ্ণৰূপে অন্ধকাৰত ডুবি থাকে। চন্দ্ৰযান-৩ যিহেতু এক সৌৰচালিত যন্ত্ৰ সেয়েহে সূৰ্যৰ ৰশ্মি চন্দ্ৰপৃষ্ঠত পৰি থকা ১৪ দিনতে ই ইয়াৰ সকলো কাৰ্য সম্পন্ন কৰিব লাগিব।

ইফালে ৰোভাৰ প্ৰজ্ঞানক চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ দৃশ্য ইছৰোৱে লাইভ ষ্ট্ৰিমিং কৰিব। 

Category