কাইলৈ সন্ধিয়া ৬ বজালৈ খোলা ৰাখিব লাগিব ৰাজ্যৰ সকলো বিদ্যালয়; এই নিৰ্দেশ অসম সৰ্বশিক্ষা অভিযান মিছনৰ, কাৰণ…

school

কাইলৈ সন্ধিয়ালৈ খোলা ৰাখিব লাগিব ৰাজ্যৰ সকলো বিদ্যালয়। এই নিৰ্দেশনা অসম সৰ্বশিক্ষা অভিযান মিছনৰ। অসম সৰ্বশিক্ষা অভিযান মিছনৰ সঞ্চালক ঔম প্ৰকাশে এই নিৰ্দেশনা প্ৰদান কৰিছে। কাৰণ বিদ্যালয়সমূহত দেখুৱাব লাগিব চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিং।

উল্লেখ্য যে, বিদ্যালয় চৌহদত চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিঙৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়া হৈছে। বিদ্যালয়ৰ ওচৰ-পাজৰৰ ছাত্ৰ-ছাত্ৰীকো লাইভ ষ্ট্ৰিমিং চাবলৈ আমন্ত্ৰণ জনোৱাৰ আহ্বান শিক্ষা বিভাগৰ । বুধবাৰে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰযান-৩ চন্দ্ৰমাৰ বুকুত অৱতৰণ কৰিব বুলি আশা কৰা হৈছে। কাইলৈ ভাৰতৰ বাবে হ’ব এক গৌৰৱৰ মুহূৰ্ত। যাৰ সাক্ষী হৈ ৰ’ব সমগ্ৰ বিশ্ব । এই গৌৰৱৰ মুহূৰ্ত সম্প্ৰচাৰ কৰা হ’ব টেলিভিছনত।

school

উল্লেখ্য ভাৰতৰ এই চন্দ্ৰ অভিযানৰ ঐতিহাসিক মুহূৰ্তৰ বাবে অপেক্ষা কৰিছে দেশৰ লগতে বিশ্ববাসীয়ে। ৰাছিয়াৰ লুনা–২৫ৰ পতনৰ পিছত এতিয়া বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে ভাৰতৰ চন্দ্ৰযান-৩ৰ ওপৰত। ISROৰ তথ্য অনুসৰি, বুধবাৰে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩য়ে ছফ্ট লেণ্ডিং কৰিব বুলি আশা কৰা হৈছে । চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ অৱতৰণৰ ঐতিহাসিক মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰ বুধবাৰে সন্ধিয়া ৫.২০ বজাৰ পৰা আৰম্ভ কৰা হ’ব। ইয়াৰ ছফ্ট লেণ্ডিং কৰাৰ বাবে চেষ্টা চলোৱা অন্তিম ১৫ মিনিট সময় অতি গুৰুত্বপূৰ্ণ হ’ব।

চন্দ্ৰত লেণ্ডিঙৰ প্ৰক্ৰিয়া কাইলৈ সন্ধিয়া ৫ বাজি ৪৫ মিনিটত চাৰিটা পৰ্যায়ত আৰম্ভ হ’ব। ইয়াত ৰাফ ব্ৰেকিং ফেজ, এল্টিটিউড হ’ল্ড ফেজ, ফাইন ব্ৰেকিং ফেজ আৰু টাৰ্মিনেল ডিচেণ্ট ফেজ অন্তৰ্ভুক্ত থাকিব।

Category