ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ই জনোৱা মতে চন্দ্ৰপৃষ্ঠত ভাৰতৰ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ নিৰ্ধাৰিত সময়সূচী অনুসৰি আগবাঢ়ি আছে। চন্দ্ৰলৈ ভাৰতৰ তৃতীয় অভিযানৰ বিষয়ে ISROএ আজি কয় যে, ‘নিৰ্ধাৰিত সময়সূচী অনুসৰি চন্দ্ৰ অভিযান আগবাঢ়িছে। প্ৰণালীবোৰৰ নিয়মীয়াকৈ পৰীক্ষা কৰা হৈছে।’
লগতে, ইছৰোৱে কৈছিল যে, MOX/ISTRACৰ পৰা চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ অৱতৰণৰ পোনপটীয়া সম্প্ৰচাৰ বুধবাৰে সন্ধিয়া ৫.২০ বজাৰ পৰা আৰম্ভ হ'ব।
লেণ্ডাৰ (বিক্ৰম) আৰু ৰভাৰ (প্ৰজ্ঞান)ৰ সৈতে গঠিত লেণ্ডাৰ মডিউলটো বুধবাৰে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰু অঞ্চলৰ ওচৰত অৱতৰণ কৰিব বুলি আশা কৰা হৈছে।
চন্দ্ৰযানৰ লেণ্ডাৰে প্ৰায় ৭০ কিলোমিটাৰ উচ্চতাৰ পৰা লেণ্ডাৰ পজিচন ডিটেকশন কেমেৰাৰ (LPDC) পৰা চন্দ্ৰৰ কিছুমান ছবি শ্বেয়াৰ কৰিছে। LPDC ছবিবোৰে মহাকাশযানখনত থকা চন্দ্ৰৰ মানচিত্ৰৰ সৈতে মিলাই লেণ্ডাৰ মডিউলটোক ইয়াৰ স্থিতি নিৰ্ধাৰণ কৰাত সহায় কৰে।
চন্দ্ৰযান-৩ মহাকাশযানখন ২৩ আগষ্টৰ সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। ইয়াৰ ছফ্ট লেণ্ডিং কৰাৰ বাবে চেষ্টা চলোৱা অন্তিম ১৫ মিনিট সময় অতি গুৰুত্বপূৰ্ণ হ’ব। লেণ্ডিঙৰ প্ৰক্ৰিয়া ২৩ আগষ্টৰ সন্ধিয়া ৫ বাজি ৪৫ মিনিটত চাৰিটা পৰ্যায়ত আৰম্ভ হ’ব। ইয়াত ৰাফ ব্ৰেকিং ফেজ, এল্টিটিউড হ’ল্ড ফেজ, ফাইন ব্ৰেকিং ফেজ আৰু টাৰ্মিনেল ডিচেণ্ট ফেজ অন্তৰ্ভুক্ত থাকিব।
- Log in to post comments