ইতিমধ্যেই চন্দ্ৰৰ বুকুত অৱতৰণ কৰিবলৈ সাজু হৈছে ভাৰতৰ চন্দ্ৰযান–৩। চন্দ্ৰযান–৩ৰ বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ বাবে অন্তিম ১০০ কিলোমিটাৰ যাত্ৰা নিজেই অতিক্ৰম কৰিব লাগে। থ্ৰাষ্টাৰ্ছৰ ব্যৱহাৰ কৰি নিজৰ গতি লেহেমীয়া কৰিব লাগে। লগতে উচ্চতাও কমাই আনিব লাগে।
১৭ আগষ্টৰ দুপৰীয়া বিক্ৰম লেণ্ডাৰ নিজৰ প্ৰপালচন মডিউলৰ পৰা পৃথক হৈ পৰে। এতিয়া ১৮ আৰু ২০ আগষ্টত হ’বলগীয়া ডিঅৰ্বিটিঙৰ জৰিয়তে বিক্ৰম লেণ্ডাৰক ৩০ কিলোমিটাৰ পেৰীল্যুন আৰু ১০০ কিলোমিটাৰৰ এপ’ল্যুন অৰ্বিটলৈ নিয়া হ’ব। পেৰীল্যুন অৰ্থাৎ চন্দ্ৰপৃষ্ঠৰ পৰা কম দূৰত্ব। এপ’ল্যুন অৰ্থাৎ চন্দ্ৰপৃষ্ঠৰ পৰা বেছি দূৰত্ব। এতিয়ালৈ যি যাত্ৰা সেয়া প্ৰপালচন মডিউলে সম্পূৰ্ণ কৰাইছে। ইয়াৰ পিছত বিক্ৰমে বাকী দূৰত্ব নিজেই অতিক্ৰম কৰিব লাগিব।
উল্লেখ্য যে, প্ৰপালচন মডিউলৰ পৰা পৃথক হোৱাৰ পিছত বিক্ৰম লেণ্ডাৰে গোলাকাৰ কক্ষপথত নুঘূৰে 30kmX100km ডিম্বাকৃতিত ঘূৰিবৰ বাবে দুবাৰ ডিঅৰ্বিটিং কৰিব। অৰ্থাৎ নিজৰ উচ্চতা কম কৰিব, লগতে গতি কম কৰিব। ইয়াৰ বাবে ইয়াৰ ইঞ্জিনৰ ৰেট্ৰ’ফায়ৰিং কৰা হ’ব। অৰ্থাৎ ওলোটা দিশত ঘূৰোৱা হ’ব।
চন্দ্ৰযান–৩ এতিয়া 153kmX163kmৰ কক্ষপথত আছে। যেতিয়া উৎক্ষেপণ হৈছিল, তেতিয়া ইছৰ’ৰ মুৰব্বী ড০ এছ সোমনাথে কৈছিল যে চন্দ্ৰযান–৩ক ১০০ কিলোমিটাৰৰ গোলাকাৰ অৰ্বিটলৈ আনিম। ইয়াৰ পিছত প্ৰপালচন আৰু বিক্ৰম লেণ্ডাৰ মডিউল পৃথক হ’ব। লগতে ইছৰ’ৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানীয়ে কয় যে চন্দ্ৰযান–৩ক ১০০ বা ১৫০ কিলোমিটাৰৰ গোলাকাৰ কক্ষপথত অনাৰ পৰিকল্পনা আছিল। এতিয়াও সেই পৰিকল্পনাই আছে। এই সিদ্ধান্ত শেহতীয়াকৈ লোৱা হৈছে। সেইবাবে ১৬ আগষ্ট ২০২৩ত চন্দ্ৰযান–৩–এ যি কক্ষপথত উপনীত হৈছে, এয়া সেই সিদ্ধান্তৰে পৰিণতি। এতিয়া লেণ্ডিঙৰ বাবে মাত্ৰ ৬ দিন বাকী থাকিব।
যেতিয়া বিক্ৰম লেণ্ডাৰে 30kmX100kmৰ কক্ষপথত উপনীত হ’ব, তেতিয়াহে আৰম্ভ হ’ব ISROৰ বাবে আটাইতকৈ কঠিন পৰ্যায়। অৰ্থাৎ ছফ্ট লেণ্ডিং। ৩০ কিলোমিটাৰ দূৰত্বলৈ অহাৰ পিছত বিক্ৰমৰ গতি কম কৰা হ’ব। চন্দ্ৰযান–৩ক লাহে লাহে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰোৱা হ’ব।
- Log in to post comments