
কলিযুগ, ঘোৰ কলিযুগ!
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত দুই নং আলুবাৰী ভূজিয়া গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ব্ৰইলাৰ মাংস চুৰি কৰাক কেন্দ্ৰ কৰিয়েই ঘটিছে এই ভয়ংকৰ ঘটনাটো।
জানিব পৰা মতে, নিশা জ্যেষ্ঠ ভাতৃ লক্ষীন্দ্ৰ ঠাকুৰে বজাৰৰ পৰা কিনি অনা আধা কেজি কুকুৰা মাংস ভাতৃ গণেশ ঠাকুৰে মদৰ লগতে খাবলৈ চুৰি কৰি নিয়ে। খুৰাক অভি ঠাকুৰৰ ঘৰত মাংসখিনি ৰান্ধি থকা সময়তে ভায়েক আৰু ককায়েকৰ মাজত তৰ্কা-তৰ্কি হয়। ভায়েক গণেশ ঠাকুৰ আৰু খুৰাকৰ পুত্ৰ কৃষ্ণ ঠাকুৰে এই কথাতে ককায়েক লক্ষীন্দ্ৰৰ ঠাকুৰক হানি-খুঁচি আহত কৰে।
গুৰুতৰভাৱে আহত লক্ষীন্দ্ৰৰ ঠাকুৰক সংকটজনক অৱস্থাত নিশাই মাৰ্ঘেৰিটা অসামাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও অৰ্থৰ অভাৱত আজি পুৱাৰ ভাগত যুৱক জনে মৃত্যুক আকোঁৱালি লয়।
পুৱা স্থানীয় ৰাইজে এই বিষয়ে খবৰ পাই দুই হত্যাকাৰী ক্ৰমে গণেশ ঠাকুৰ আৰু কৃষ্ণ ঠাকুৰক আটক কৰি আৰক্ষীক গতাই দিয়ে। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
স্থানীয় লোকে অঞ্চলটোত অবৈধ চুলাই, মদকে ধৰি বিভিন্ন মাদক দ্ৰব্য মুক্ত বেহাৰৰ বাবেই এই জঘন্য ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে। ৰাইজে অতি শীঘ্ৰে মাদ্ৰক দ্ৰব্য বিৰুদ্ধে তীব্ৰ অভিযান চলাবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে।
- Log in to post comments