সন্দেহ! স্বামীৰ সৈতে নিজ ভগ্নীৰ অবৈধ সম্পৰ্ক থকাৰ সন্দেহত হত্যাৰ চেষ্টা......

firing

সচাঁই সন্দেহে সকলো সম্পৰ্ক নষ্ট কৰে। আৰু এই সন্দেহেই কাল হৈ পৰিল এগৰাকী ২০ বছৰীয়া যুৱতীৰ বাবে।

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে দেশৰ ৰাজধানী দিল্লীক। সন্দেহৰ বাবেই নিজ ভগ্নীক গুলীয়াই হত্যাৰ চেষ্টা এগৰাকী মহিলাৰ। স্বামীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ সন্দেহতে মহিলাগৰাকীয়ে নিজৰ ভনীয়েকৰ ওপৰত গুলীচালনা কৰে।

আৰক্ষীৰ তথ্যৰ ভিত্তিত, ইতিমধ্যেই গুলীচালনাৰ অভিযোগত ৩০ বছৰীয়া মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। গুলীচালনা অভিযোগত অভিযুক্ত মহিলাগৰাকীক নাম চনু বুলি জানিব পৰা গৈছে। চনুৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ লগতে অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে সদৰি কৰিছে।

মহিলাগৰাকীৰ আক্ৰমণত আহত হোৱা তেওঁৰ ভগ্নীৰ নাম চুমাইলা বুলি জানিব পৰা গৈছে। ২০ বছৰীয়া ভগ্নী চুমাইলাৰ অভিযোগ অনুসৰি চনুৱে গুলী চলোৱাৰ লগতে বন্দুকেৰে উপৰ্যুপৰি আঘাত কৰিছিল তাইক।

আনহাতে, তেওঁলোকৰ পৰিয়াল উত্তৰ-পূব দিল্লীৰ শাস্ত্ৰী পাৰ্কৰ বুলন্দ মছজিদ অঞ্চলত বাস কৰে। ভগ্নী চুমাইলাৰ অভিযোগ মতে, জ্যেষ্ঠ ভগ্নী চনুৱে তেওঁক বুধবাৰ(০৯ আগষ্ট)ৰ দিনা সন্ধিয়া প্ৰায় ৬;৩০ মান বজাত পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰিছিল।

কনিষ্ঠ ভগ্নীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত জ্যেষ্ঠ ভগ্নী চুমাইলাক গ্ৰেপ্তাৰ কৰাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত সত্যাসত্য নিৰ্ণয়ৰ বাবে তদন্ত আৰম্ভ কৰিছে।

Category
Profile picture for user UB Photos