আপোনাৰ বাৰু সঘনাই প্ৰস্ৰাৱ হয় নেকি? যদি হয় তেন্তে আওকাণ নকৰিব, কাৰণ এই লক্ষণে ভয়ংকৰ ৰোগৰ সংকেত দিয়ে.......

urine

প্ৰস্ৰাৱে আমাৰ শৰীৰৰ পৰা আৱৰ্জনা আঁতৰোৱাত সহায় কৰাৰ লগতে, স্বাস্থ্য সম্পৰ্কীয় বহু কথা উন্মোচন কৰে। কেৱল এয়াই নহয়, প্ৰস্ৰাৱে বহু ৰোগ ধৰা পেলোৱাত সহায় কৰিব পাৰে। শৰীৰত বিকশিত হোৱা বহুতো ৰোগ প্ৰস্ৰাৱৰ দ্বাৰা চিনাক্ত কৰিব পাৰি। সেয়েহে চিকিৎসকে বেছিভাগ আভ্যন্তৰীণ ৰোগ আৰু সংক্ৰমণ পৰীক্ষা কৰিবলৈ প্ৰস্ৰাৱ পৰীক্ষাৰ পৰামৰ্শ দিয়ে।

সঘনাই প্ৰস্ৰাৱ কৰা বা প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা হোৱা বা তলৰ পেটৰ বিষৰ দৰে লক্ষণ দেখা পালে আপুনি অতি সাৱধান হোৱা প্ৰয়োজন। কাৰণ এই লক্ষণসমূহে আপোনাৰ ভিতৰত ৰোগ বিকশিত হোৱাৰ ইংগিত দিয়ে। 

urine

প্ৰস্ৰাৱৰ পৰা কেনেকৈ ৰোগ চিনাক্ত কৰিব পাৰি?

হেল্থলাইনৰ প্ৰতিবেদন অনুসৰি চেনিযুক্ত খাদ্য বেছিকৈ খালে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ বৃদ্ধিৰ বাবে শৰীৰত প্ৰস্ৰাৱৰ পৰিমাণো বৃদ্ধি পায়। বেছিভাগ ক্ষেত্ৰতে খাদ্য খোৱাৰ ঠিক পিছতেই প্ৰস্ৰাৱ হোৱাটো স্বাভাৱিক হ’ব পাৰে। 

কিন্তু এই কথা তেতিয়া স্বাভাৱিক কথা নহ’ব, যেতিয়া কিবা এটা খোৱাৰ পিছত লগে লগে শৌচাগাৰলৈ যোৱাৰ প্ৰয়োজন হয়। কাৰণ ই কোনো ৰোগৰ লক্ষণো হ’ব পাৰে। এনে পৰিস্থিতিত আপুনি তৎকালীনভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী। যদি আপুনি দিনটোত ৭-৮ বাৰতকৈ অধিক প্ৰস্ৰাৱ কৰে, তেন্তে ই প্ৰস্ৰাৱৰ সংক্ৰমণৰ লগতে ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে।

সঘনাই প্ৰস্ৰাৱ কৰাৰ কাৰণবোৰ কি কি?

১/ অধিক পানী খোৱা
২/  তৰল খাদ্য গ্ৰহণ কৰা
৩/ পেলভিক ফ্ল’ৰৰ পেশী দুৰ্বলতা
৪/ ষ্ট্ৰোক বা স্নায়ুজনিত ৰোগ
৫/ বৃক্কৰ সংক্ৰমণ বা বৃক্কৰ পাথৰ
৬/ প্ৰস্ৰাৱৰ সংক্ৰমণ
৭/ টাইপ ১ বা টাইপ ২ ডায়েবেটিছ

"এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে দিয়া হৈছে, অধিক নিশ্চিত বিৱৰণৰ বাবে চিকিৎসকৰ পৰামৰ্শ লওঁক। UB Photosএ এই তথ্যৰ নিশ্চয়তা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে।"

Category
Profile picture for user UB Photos