Independent

উচ্চ পদবীৰ চৰকাৰী চাকৰি এটাৰ সপোন সকলোৱে দেখে৷ এনে এটা সপোনেই বাস্তৱত ৰূপায়িত কৰি ২০১৬ চনত অসম প্ৰশাসনিক সেৱাত যোগদান কৰিছিল  ডিব্ৰুগড়ৰ অংশুমান গগৈয়ে আৰু ২০১৯ চনত যোগদান কৰে মৃদুস্মিতা ফুকনে।

কিন্তু এনে আকাংক্ষিত চাকৰি পাইয়ো সুখী নহ’ল দুয়ো৷ চাকৰিত যোগদানৰ মাত্ৰ ৬ বছৰ পাছতে দুয়ো সলনি কৰিলে বৃত্তি।চৰকাৰী চাকৰিৰ বিপৰীতে স্বাধীনভাৱে ব্যৱসায় কৰিবলৈ আগবাঢ়িলে দুয়ো৷ বৰ্তমান চৰকাৰী চাকৰিৰ বিপৰীতে ইভেণ্ট মেনেজমেণ্টক পেছা হিচাপে বাছি লৈছে এই দম্পতীহালে৷