Richa Chadha

চৰ্চাত বলিউড অভিনেত্ৰী ৰিচা চাড্ডা। ভাৰতীয় সেনাক অপমান কৰাক লৈ বিতৰ্কত অভিনেত্ৰী ৰিচা চাড্ডা। ভাৰতীয় সেনাক লৈ সামাজিক মাধ্যমত টুইট কৰিছিল ৰিচা চাড্ডাই। পিছে অপমানসূচক মন্তব্য কৰাক লৈ সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ ৰোষত পৰিল ৰিচা চাড্ডা। ক্ষোভিত হৈ পৰিল একাংশ। মুঠতে টুইটাৰত এতিয়া #RICHA CHADHA ট্ৰেণ্ডিঙ।

উত্তৰ সেনাৰ অধিনায়ক লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কৈছিল যে ভাৰতীয় সেনাই পাকিস্তানৰ কব্জাত থকা কাশ্মীৰ পুনৰ ঘূৰাই লোৱাৰ দৰে আদেশ পালন কৰিবলৈ সাজু। পিছে একেটা বক্তব্যৰ উদ্ধৃতি দি অভিনেত্ৰীগৰাকীয়ে ৰিটুইট কৰি সামাজিক মাধ্যমত লিখিছিল ‘গলৱানে হাই কৈছে’।