Neel Akash

জনপ্ৰিয় গায়ক নীল আকাশৰ বিৰুদ্ধে ধেমাজিত গোচৰ দিয়াৰ হুংকাৰ দিছে চিমেন চাপৰি যুৱ সমাজে। জানিব পৰা মতে চিমেন চাপৰিত তিনিদিনীয়াকৈ দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। আৰু সেই প্ৰতিযোগিতাৰ সামৰণিৰ দিনাই গীত পৰিৱেশন কৰিবলৈ আয়োজক কমিটিৰে চুক্তিবদ্ধ হৈছিল নীল আকাশ। ১৮ নৱেম্বৰৰ নিশা নীল আকাশে অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ কথা আছিল। কিন্তু নিশা বহু দেৰিলৈকে দৰ্শকে অপেক্ষা কৰি থকাৰ পাছতো অনুষ্ঠানলৈ নগ’ল কণ্ঠশিল্পীগৰাকী। নীল আকাশে সেই অনুষ্ঠানলৈ নগৈ অন্য এটা সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰাৰ অভিযোগ উঠিছে। তাৰপাছতেই চিমেন চাপৰিৰ যুৱ সমাজে নীল আকাশৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সকীয়নি দিছে। তেওঁলোকে কয় যে