Comedian

জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াৰ জীৱনলৈ নামিছে বিপদ! ভাৰতী-হৰ্ষৰ বিৰুদ্ধে এনচিবিয়ে দাখিল কৰিলে ২০০পৃষ্ঠাৰ শ্বাৰ্জশ্বীট।  ২০২০ চনৰ ২১ নৱেম্বৰত এনচিবিয়ে ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ প্ৰডাকচন-হাউছ কাৰ্যালয় আৰু বাসগৃহত অভিযান চলাই ৮৬.৫ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। ইয়াৰ পাছতে দম্পতীটোক গ্ৰেপ্তাৰ কৰা হয়। পাছত দুয়োকে দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়, আৰু ৪ ডিচেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। কিন্তু যোৱা ২৩ নৱেম্বৰত অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশ আদালতে দম্পতীটোক ১৫ হাজাৰ টকাকৈ নিৰাপত্তা জমা কৰি জামিন মঞ্জুৰ কৰে।