আকৌ ৰঙাঘৰৰ আলহী হ'ব কমেডিয়ান ভাৰতী-হৰ্ষ! 

Bharti Singh and her Husband

জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াৰ জীৱনলৈ নামিছে বিপদ! ভাৰতী-হৰ্ষৰ বিৰুদ্ধে এনচিবিয়ে দাখিল কৰিলে ২০০পৃষ্ঠাৰ শ্বাৰ্জশ্বীট।  ২০২০ চনৰ ২১ নৱেম্বৰত এনচিবিয়ে ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ প্ৰডাকচন-হাউছ কাৰ্যালয় আৰু বাসগৃহত অভিযান চলাই ৮৬.৫ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। ইয়াৰ পাছতে দম্পতীটোক গ্ৰেপ্তাৰ কৰা হয়। পাছত দুয়োকে দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়, আৰু ৪ ডিচেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। কিন্তু যোৱা ২৩ নৱেম্বৰত অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশ আদালতে দম্পতীটোক ১৫ হাজাৰ টকাকৈ নিৰাপত্তা জমা কৰি জামিন মঞ্জুৰ কৰে।

 আৰু এতিয়া এনচিবিয়ে এই গোচৰত ২০০ পৃষ্ঠাৰ চাৰ্জ শ্বীট দাখিল কৰিছে। বৰ্তমান সময়ত সংস্থাটোৰ তদন্তত কি কি তথ্য পোহৰলৈ আহিছে সেয়া প্ৰকাশ কৰা নাই। কিন্তু আকৌ এবাৰ ভাৰতী সিং আৰু হৰ্ষৰ বিপদ নিশ্চিতভাৱে বাঢ়িছে। ইয়াৰ লগে লগে আকৌ এবাৰ গ্ৰেপ্তাৰৰ  হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাইছে কমেডিয়ান ভাৰতী-হৰ্ষ।

Category
Profile picture for user UB Photos