মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নতুন ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত।
খবৰ অনুসৰি, মল্লিকাৰ্জুন খাৰ্গেই লাভ কৰিছে ৭৮৯৭টা ভোট আৰু শশী থাৰুৰে পাইছে ১০০০টা ভোট। ৪১৬টা ভোট খাৰিজ কৰা হৈছে। থাৰুৰতকৈ ৮গুণ অধিক ভোট পাই জয়লাভ কৰে মল্লিকাৰ্জুন খাৰ্গেই।
টুইটযোগে শশী থাৰুৰে খাৰ্গেক দলৰ নেতা হোৱাৰ বাবে অভিনন্দন জনাই এই বুলি লিখেঃ
"@INCIndia সভাপতি হোৱাটো এটা ডাঙৰ সন্মান আৰু এক বৃহৎ দায়িত্ব আৰু মই সেই কামত @Kharge জীৰ সকলো সফলতা কামনা কৰিছো। এক হাজাৰৰো অধিক সহকৰ্মীৰ সমৰ্থন লাভ কৰা আৰু সমগ্ৰ ভাৰতত কংগ্ৰেছৰ বহুতো শুভাকাংক্ষীৰ আশা-আকাংক্ষা কঢ়িয়াই নিয়াটো এক সৌভাগ্যৰ বিষয় আছিল