My Govt Assam

স্বাস্থ্য বিভাগৰ দায়িত্বজ্ঞানহীন কাণ্ডত ঢেকীয়াজুলিত ৪২ৰ শ্বহীদ কুমলী দেৱীৰ নামত উৎসৰ্গিত এখন চিকিৎসালয়ৰ দুৰাৱস্থা। গুৰুত্ব নাই ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ। বিগত সাত আাঠ বছৰ ধৰি স্বাস্থ্যকেন্দ্ৰটোত ওলমিছে তলা। লক্ষ লক্ষ চৰকাৰী ধন খৰছ কৰি স্বাস্থ্য বিভাগে ছহিদা নামত সংস্থাপন কৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো বৰ্তমান হাবি জংঘলৰে আবৰি ভূত বাংলালৈ পৰ্যবেশিত হৈ পৰিছে। গৰু ছাগলিৰ আশ্ৰয়স্থলীলৈ পৰিণত হৈ পৰিছে স্বাস্থ্য কেন্দ্ৰটো।