Majuli Jiten Bora Story

শুকুৰবাৰে অসম চৰকাৰে ২০ হাজাৰৰো অধিক নিৱনুৱাক নিযুক্তি পত্ৰ প্ৰদান কৰি জীৱন জীৱিকাৰ বাট দিলে।

তেনে সময়তে মাজুলীৰ অভয়াপুৰী গাঁৱৰ এটি পৰিয়ালৰ মাজত উঠিছে কান্দোনৰ ৰোল। অভয়াপুৰীৰ জীতেন বৰা নামৰ এগৰাকী চতুর্থ বৰ্গৰ কৰ্মচাৰী ৩৪ বছৰ কাল হৰিঘাট ৰাঙলীবাহাৰ বালিকা বিদ্যালয়ত চৰকাৰী চকিদাৰ হিচাপে বিনা বেটনে কাম কৰিও চৰকাৰী স্বীকৃতি নাপালে।

যাৰ ফলত মানসিকভাৱে ভাগি পৰিছে জীতেন বৰাৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকল। বিদ্যালয়খনৰ নামতেই ১৯৮৮ চনত নিজৰ একমাত্র খেতি মাটি ডৰাও দান দিছিল জীতেন দাসে। আশা কৰিছিল চাকৰিটো চৰকাৰী হব।