Assam Proud

নৰ্থ চেনেল সাঁতুৰি পাৰ হ’ল এলভিছ আলী হাজৰিকাই। নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া সাঁতোৰবিদ হিচাপে পৰিগণিত হ’ল এলভিছ।

গুৱাহাটীৰ বাসিন্দা এলভিছ হাজৰিকা তেওঁৰ সাঁতোৰৰ অভিলেখৰ বাবে জনাজাত আৰু এইবাৰ তেওঁ অসমৰ লোকসকলক গৌৰৱান্বিত কৰি আন এটা অভিলেখ গঢ়িছে।

উল্লেখ কৰিব পাৰি যে, হাজৰিকাই কেইবাটাও অভিলেখ গঢ়িছিল-

২০২১ চনত ধৰ্মতাৰ জেটিৰ পৰা মুম্বাইৰ গেটৱে অফ ইণ্ডিয়ালৈ সফলতাৰে সাঁতুৰি যোৱা প্ৰথম গৰাকী অসমীয়া হিচাপে হাজাৰিকাই আন এক অভিলেখ গঢ়িছিল।

লগতে, ২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাটালিনা চেনেল অতিক্ৰম কৰা হাজৰিকা ৰাজ্যখনৰ পৰা প্ৰথম জন অসমীয়া ।