Virat Kohli Asia Cup

সুদীৰ্ঘ ১০২১ দিনৰ মূৰত শতক কিং কোহলীৰ৷ আফগানিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীয়ে ১২টা চাৰি আৰু ছয়টা ছয়ৰ সহায়ত ৬২টা বলত ১২২ ৰান সংগ্ৰহ কৰে । আফগানিস্তানৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলি ক্ৰিকেটত ৭১টা শতক অৰ্জনৰ গৌৰৱ অৰ্জন কৰিলে কোহলীয়ে। এছিয়া কাপত টীম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলেও আফগানিস্তানৰ বিৰুদ্ধে অভিলেখ ৰচিলে বিৰাট কোহলীয়ে। কোহলীয়ে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনয়াক ৰিকি পণ্টিঙৰ অভিলেখ স্পৰ্শ কৰিলে।