Asia Cup

দেওবাৰ অৰ্থাৎ আজি চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ৰণত নামিব ভাৰতীয় ক্ৰিকেট দলটো। ভাৰতীয় সময় অনুযায়ী আজি সন্ধ্যা ৭ বাজি ৩০ মিনিটত ডুবাইত অনুষ্ঠিত হ'ব ভাৰত পাকিস্তানৰ হাইভল্টেজ মেচখন।

 

 

ডুবাইত অনুষ্ঠিত হৈ থকা এচিয়া কাপত ভাৰতীয় ক্ৰিকেট দলটো মুখামুখি হ'ব পাকিস্তানৰ। ইয়াৰ পূৰ্বে ২৮ আগষ্টত অনুষ্ঠিত হৈ যোৱা লীগত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে ভাৰতীয় দলটিয়ে। লীগ পৰ্যায়ৰ দুয়োখন খেলতে জয়লাভ কৰি চুপাৰ ৪ত স্থান লাভ কৰে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটোয়ে। আনহাতে হংকংক পৰাস্ত কৰি চুপাৰ ৪ত  স্থান লাভ কৰে বাবৰ আজম নেতৃত্বাধীন পাকিস্তান ক্ৰিকেট দলটোয়ে।