Assam Education System

ৰাজ্য চৰকাৰে অসমত বিদ্যালয় বন্ধ কৰাৰ সন্দৰ্ভত অৰবিন্দ কেজৰিৱালে টুইটাৰৰ যোগেদি প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া।

যি সময়ত অসমত বিদ্যালয়সমূহৰ আন্তঃগাঁঠনি তথা বিদ্যালয়সমূহ উন্নত কৰাৰ প্ৰয়োজন আছিল সেই সময়তে অসম চৰকাৰে বন্ধ কৰিবলৈ ওলাইছে কেইবাখনো বিদ্যালয়। বিদ্যালয়ত শিক্ষাৰ্থী নথকা, মেট্ৰিকত শূন্য ফলাফল ইত্যাদি অজুহাত দেখুৱাই চৰকাৰে বন্ধ কৰিবলৈ লৈছে ১৬ খন জিলাৰ ৩৪ খনকৈ বিদ্যালয়।

অসম চৰকাৰৰ এই সিদ্ধান্তৰ কথা সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতেই এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।