Manipur Landslide

মণিপুৰ ভূমিস্খলনৰ ৫টা দিনৰ অন্তত উদ্ধাৰ হ’ল অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহ। ৩০ তাৰিখৰ দিনা নিশা প্ৰায় ১-২ মান বজাত সংঘটিত হোৱা মণিপুৰ ভূমিস্খলনৰ আজি ষষ্ঠটো দিন।

ভূমিস্খলনত নিখোজ হোৱা বহু লোক বৰ্তমানেও সন্ধানহীন। নিয়মিত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফ আৰু আন ডি আৰ এফ বাহিনীয়ে।

উদ্ধাৰ অভিযানত প্ৰতিদিনেই উদ্ধাৰ হৈছে বহু লোকৰ মৃতদেহ৷ ইখনৰ পিছত সিখন চিতা ভুমিস্খলনত মৃত্যু হোৱা লোকৰ৷ তাৰেই মাজত গোলকগঞ্জৰ কমলেশ তালুকদাৰৰ মৃতদেহ উদ্ধাৰ হয়।