LPG Price

মাহৰ প্ৰথমটো দিন অৰ্থাৎ ৰন্ধন গেছৰ দাম নিৰ্ধাৰণৰ দিন। প্ৰতি মাহৰ প্ৰথমটো দিনত নিৰ্ধাৰণ কৰা হয় ৰন্ধন গেছৰ মূল্য।

প্ৰতিটো চিলিণ্ডাৰৰ দাম ৩৬ টকাকৈ হ্ৰাস পাইছে। মাহৰ প্ৰথমটো দিনতে জনতাৰ বাবে ভাল খবৰ।

দিল্লীত ১৯ কিলোগ্ৰামৰ ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ২০১২.৫০ টকাৰ পৰা ১৯৭৬.৫০ টকা হৈছে।

ইয়াৰ পূৰ্বে বিগত মাহত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮.৫০ টকা হ্ৰাস পাইছিল।

৬ জুলাইত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৫০ টকা বৃদ্ধি হৈছিল।