Deadly

মাজুলীত পুনৰ ভয়াবহ খহনীয়া। লুইতৰ বুকুত জাহ গ'ল ২৩৭ কোটিটকীয়া আঁচনি।

মাজুলী ১ন‌ং মিছামৰাত ভয়াবহ খহনীয়া। লুইতত জাহ গ’ল ব্ৰহ্মপুত্ৰ বৰ্ডে ৰূপায়ন কৰা ২৩৭ কোটিটকীয়া জিঅবেগৰ আচনি। হাহাকাৰ নদীপৰীয়াৰ।

১নং মিছামৰাত পুৱাৰে পৰা শ শ বিঘা আহু ধানৰ খেতি লুইতত জাহ গৈছে। কেমেৰাৰ সন্মূখতে চপৰা চপৰে খহিছে গড়া। ব্ৰহ্মপুত্ৰ বৰ্ডে জিঅ বেগৰ আচনি ৰূপায়ন কৰিছিল যদিও অতি নিম্নমানৰ হোৱাৰ বাবে লূইতত জাহ গৈছে।

মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে প্ৰতি বছৰে কোটি কোটি টকা মোকোলাই দিয়ে যদিও গৰাখহনীয়া প্ৰতিৰোধত ব্যৰ্থ ব্ৰহ্মপুত্ৰ বৰ্ড।