XE

গুজৰাটত ধৰা পৰিছে ক'ৰোনাৰ নতুন প্ৰকাৰ XEত আক্ৰান্ত আন এজন ৰোগী।

এই মুহূৰ্তত, সংক্ৰমিত ৰোগীৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা সেয়া জানিব পৰা হোৱা নাই যদিও স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰই এই কথা নিশ্চিত কৰিছে।

জানিব পৰা মতে, ৰোগীজন বদোদৰাৰ গোত্ৰী অঞ্চলৰ বাসিন্দা। ৬০ বছৰীয়া ব্যক্তিজনৰ দেহত যোৱা ১১ মাৰ্চত ক'ৰোনাৰ অৱস্থিতি ধৰা পৰিছিল। ইয়াৰ পিছতে তেওঁৰ নমুনা জিনোম অনুক্ৰমৰ বাবে প্ৰেৰণ কৰা হৈছিল। আৰু পৰীক্ষাৰ অন্তত কোৰোণাৰ নতুন ভেৰিয়েণ্ট XEৰ সংক্ৰমণ ধৰা পৰে। সূত্ৰ অনুসৰি, লোকজনৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী।