BJP leaders

আজি দ্বিতীয়বাৰলৈ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব যোগী আদিত্যনাথে।

শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বলিউডৰ অভিনেতা অক্ষয় কুমাৰৰ লগতে প্ৰায় সংখ্যক কেন্দ্ৰীয় মন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব যোগীৰ শপতগ্ৰহণ অনুষ্ঠানত।

আজি আবেলি ৪ বজাত লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠানটো অনুষ্ঠিত হ'ব। ষ্টেডিয়ামত অনুষ্ঠানটোৰ বাবে ব্যাপক ব্যৱস্থা কৰা হৈছে য'ত প্ৰায় ৫০,০০০আসনৰ ক্ষমতা আছে।

যোগীয়ে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসকলক আমন্ত্ৰণ জনাইছে