Rhino Population

অন্ত পৰিল ২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈকে কাজিৰঙাত আৰম্ভ হোৱা গঁড়ৰ পিয়ল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ২৬ মাৰ্চৰ পুৱাৰে পৰা আৰম্ভ হৈছিল ১৪ সংখ্যক গঁড় গণনাৰ বিভাগীয় কাৰ্যসূচী ৷ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যোৱা ডিফলু নদীৰ দক্ষিণ পাৰৰ মুঠ ৪৮ টা পূৰ্ব নিৰ্ধাৰিত কম্পাৰ্টমেণ্টত গণনাকাৰীয়ে গঁড় গণনা কৰে ৷

এই গণনা কাৰ্যত বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ উপৰিও আমন্ত্ৰিত অভিজ্ঞ ব্যক্তি আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি, বনকৰ্মীয়েও অংশগ্ৰহণ কৰে ৷ লগতে কাজিৰঙা, বোকাখাত, কলিয়াবৰ আৰু গুৱাহাটীৰ পৰা অহা ৪৬ গৰাকী সাংবাদিকেও অংশগ্ৰহণ কৰে এই গণনা কাৰ্যত ।