পবিতৰা অভয়াৰণ্য়ত গঁড়ৰ পিয়ল কাৰ্যসূচী, দুদিনীয়াকৈ সম্পন্ন হ’ল পিয়ল কাৰ্য…

pobitora wilds santuary

সম্পন্ন হ’ল পবিতৰা অভয়াৰণ্যত গঁড়ৰ পিয়ল কাৰ্য। দুদিনীয়াকৈ, ২২ আৰু ২৩ মাৰ্চত পবিতৰা অভয়াৰণ্যত সফলতাৰে সম্পন্ন হ’ল গঁড়ৰ পিয়ল কাৰ্য। অভয়াৰণ্যখনত থকা গঁড়ৰ গণনা কাৰ্য সঠিকভাৱে কৰাৰ বাবে ৯টা খণ্ডত বিভক্ত কৰা হৈছিল অভয়াৰণ্যখন। ১১গৰাকী গণনাকাৰী আৰু ৯ গৰাকী পৰ্যবেক্ষকক নিয়োজিত কৰা হৈছিল এই গণনা কাৰ্যত। ব্লক কাউন্ট পদ্ধতি প্ৰয়োগেৰে সম্পন্ন কৰা হয় এই গণনা কাৰ্য।

গণনাকাৰী আৰু নিৰীক্ষক সকলৰ ভিতৰত বন বিষয়া থকাৰ উপৰি অৰণ্যক স্বেচ্ছাসেৱী অনুষ্ঠান, ডব্লিউ ডব্লিউ এফ, এলিফেন্ট ফাউণ্ডেশ্বন, স্থানীয় স্বেচ্ছাসেৱী সংস্থা শিপা আদিৰ পৰা নিৰ্বাচিত লোকসকল উপস্থিত থাকে। লগতে জিলা প্ৰশাসন, আৰক্ষী, গঁড় সংৰক্ষণৰ লগত জড়িত সহযোগী জীপ চাফাৰি সংস্থা, হোটেল-ৰিজৰ্টৰ মালিকৰ লগতে স্থানীয় জনসাধাৰণেও সক্ৰিয় সহযোগিতা আগবঢ়ায় গঁড় পিয়ল কাৰ্যসূচীত।

এই গণনা প্ৰক্ৰিয়াত ১০৭ টা গঁড় গণনা কৰা হৈছে। ইয়াৰ ভিতৰত ৩০টা হৈছে মতা গঁড়, ৫০জনী মাইকী গঁড় আৰু ২৭টা গঁড়ৰ পোৱালি। ২০১৮ বৰ্ষৰ ১০২টা গঁড়ৰ বিপৰীতে এইবাৰৰ গণনাত ৫টা গঁড়ৰ সংখ্যা বৃদ্ধি হৈছে। ৩৮.৮১ বৰ্গ কিলোমিটাৰ এলেকা সামৰা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য হৈছে গঁড়ৰ বাসস্থানৰ আটাইতকৈ ঘনত্বপূৰ্ণ এলেকা। উল্লেখ্য যে, ২০১৪ বৰ্ষৰ পৰা এতিয়ালৈকে এই অভয়াৰণ্যখনত কোনো গঁড়ৰ চোৰাং চিকাৰৰ ঘটনা সংঘটিত হোৱা নাই।

Category
Profile picture for user UB Photos