শিশু হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত চাবুৱা। এটি খেলি থকা শিশুক ঘপিয়াই হত্যা কৰিলে অভিমন্যু তাঁতী নামৰ এজনে।
শনিবাৰে, চাবুৱাৰ ৰহমৰীয়া ধলাজানত এটি ৫ বছৰীয়া শিশুৱে খেলি থকাৰ সময়তে ধলাজান মেইন লাইনৰ অভিমুন্য তাঁতী নামৰ লোকজনে দাৰে ঘপিয়াই হত্যা কৰে শিশুটিক। হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত। উত্তেজিত ৰাইজে হত্যাকাৰী অভিমুন্য তাঁতীক খেদি খেদি দা-লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰি পথাৰৰ মাজত জীৱন্তে জ্বলাই দিয়ে। কি কাৰণত অভিমুন্য তাঁতীয়ে কণমানিটিক হত্য়া কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই।