Kovind Assam Visit

কাইলৈ কাজিৰঙালৈ যাব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ।

দুপৰীয়া তেজপুৰৰ পৰা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অৱতৰণ কৰিব ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ। বোকাখাতৰ পৰা কাজিৰঙালৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ীৰে যাত্ৰা কৰিব ৰাষ্ট্ৰপতি।

যাত্ৰাৰ কালত যাতে কোনো আহুকাল নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা আজি নিৰাপত্তা বেহু তৈয়াৰ কৰি এক অনুশীলন অনুস্থিত কৰে।