দেশৰ ৰাষ্ট্ৰপতিক বোকাখাতৰ পৰা কাজিৰঙালৈ আদৰাৰ বাবে আৰক্ষীৰ আখৰা

president visit

কাইলৈ কাজিৰঙালৈ যাব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ।

দুপৰীয়া তেজপুৰৰ পৰা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অৱতৰণ কৰিব ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ। বোকাখাতৰ পৰা কাজিৰঙালৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ীৰে যাত্ৰা কৰিব ৰাষ্ট্ৰপতি।

যাত্ৰাৰ কালত যাতে কোনো আহুকাল নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা আজি নিৰাপত্তা বেহু তৈয়াৰ কৰি এক অনুশীলন অনুস্থিত কৰে।

বোকাখাতৰ পৰা কাজিৰঙাৰ কঁহৰালৈ ২৪ কি.মি. পথ ৰাষ্ট্ৰপতি গৰাকীয়ে গাড়ীৰে যাত্ৰা কৰি কাজিৰঙাৰ আয়'ৰা ৰিজ'ৰ্টত জিৰনি লৈ আবেলি বাগৰি বনাঞ্চলত পৰিয়ালসহ জীপ চাফাৰী কৰিব।

Category
Profile picture for user UB Photos