Ukraine Girl

ইউক্ৰেইনত চিকিৎসক হিচাপে কৰ্মৰত ডা° এনাস্থিয়া ৰহমানে অসমৰ চিৰাং জিলাৰ ছাতিপুৰৰ ফেশ্বন ডিজাইনাৰ ছফিউৰ ৰহমানৰ সৈতে চাৰিবছৰ পুৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। শাহুৱেক-শহুৰেক আৰু দেওৰৰ সৈতে সুন্দৰভাৱে জীৱন যাপন কৰি থকা এনাস্থিয়াৰ আছে এটি ৮ মহীয়া সন্তান। অসমীয়া, বঙালি আৰু হিন্দি ভাষা ভঙা ভঙাকৈ হ’লেও ক’ব পাৰে এনাস্থিয়াই।

কিন্তু বিবাহৰ পাছত ডাক্তৰ হৈও চিকিৎসকতা কৰিব পৰা নাই বাবে অসুবিধাত পৰিছে এম বি বি এচ ডা° এনাস্থিয়া ৰহমানে। কাৰণ ভাৰতীয় মেডেকেল কাউন্সিলৰ পৰিক্ষাত উত্তিৰ্ণ হৈছে যদিও যোৱা চাৰিটা বছৰে ভাৰতত চিকিৎসকতা কৰাৰ প্ৰমান পত্ৰ নাপালে বাবে এতিয়া চিকিৎসকতা কৰিব পৰা নাই এনাস্থিয়াই।