SBI Bank

কৰিমগঞ্জৰ বদৰপুৰ SBI বেংকৰ সম্মুখৰ পৰা লুটি নিলে ৪ লাখ টকা।

কালীগঞ্জৰ পৰা অহা এগৰাকী লোকে কঢ়িয়াই আনিছিল টকাখিনি। টকাখিনি কঢ়িয়াই বেংকৰ পৰা অহাৰ লগে লগে বাইকত অহা দুই যুৱকে কাঢ়ি নিয়ে টকাৰ বেগটো।

উল্লেখ্য় যে, অলপ দূৰৈত যানবাহন আৰক্ষী আছিল যদিও একো কৰিব নোৱাৰিলে আৰক্ষীয়ে। পথৰ কাষতে বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৰৈ আছিল যাৰবাবে স্থানীয় লোকে বিধায়কগৰাকীক বেংকলৈ যায়।

আনহাতে বেংকৰ ভিতৰত কেমেৰা আছিল যদিও বাহিৰত নাছিল কোনোধৰণৰ এটাও কেমেৰা। স্থানীয় লোকৰ লগতে বিধায়ক পুৰকায়স্থই কয় যে বদৰপুৰ এছবিআইৰ সম্মুখৰ পৰা বহুবাৰ এইদৰে লুটি নিছে টকা।