Kirti kamal Bora Operation

এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজত সম্পন্ন হ’ল কীৰ্তিকমল বৰাৰ অস্ত্ৰোপচাৰ। ডাঃ পৰাগজ্যোতি গগৈৰ নেতৃত্বত এটা দলে GMCHত অস্ত্ৰোপচাৰ কৰে কীৰ্তিকমল বৰাৰ। বুলেট আৱৰণৰ এটা সৰু টুকুৰা কীৰ্তিকমলৰ ভৰিৰ পৰা আঁতৰোৱা হৈছে। আনকি কীৰ্তিৰ ভৰিত ভৰোৱা হৈছে লোহাৰৰ প্লেট। অস্ত্ৰোপচাৰৰ পিছত কীৰ্তিকমল সুস্থ হৈ উঠাৰ বাবে লাগিব প্ৰায় ৬০ দিন।

উল্লেখ্য যে, এণ্টি নাৰ্কটিক স্কোৱাডৰ অভিযানত গুলীবিদ্ধ হোৱা কীৰ্তিকমল বৰা ঘটনাৰ দিন ধৰি চিকিৎসাধীন হৈ আছিল GMCHত।