Parasailing

৭৩ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন। বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ মাজতে ক’ভিড বিধি মানি দেশৰ বিভিন্ন স্থানত এইবাৰ পালন কৰা হ’ব গণৰাজ্য দিৱস। গণৰাজ্য দিৱসৰ বাবে ভিন্ন স্থানত চলিছে প্ৰস্তুতি। ৰাজধানী দিল্লীতো পূৰ্ণদ্যমে চলিছে প্ৰস্তুতি।

এইবাৰ গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰীৰ সন্মুখত দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰিব অসমৰ এগৰাকী যুৱতীয়ে। পেৰাছেইলিঙত অংশ ল’বলগীয়া অসমৰ যুৱতীগৰাকী হৈছে ৰাগিনী প্ৰিয়া মহন্ত।