Indian Army Day 2022

আজি ৭৪ সংখ্যক ভাৰতীয় সেনা দিৱস। দেশমাতৃৰ সেৱাৰ স্বাৰ্থত নিজৰ জীৱনক উচৰ্গা কৰা ভাৰতীয় সেনাৰ বাবে এটা বিশেষ দিন। প্ৰত্যেক বছৰে ১৫ জানুৱাৰী তাৰিখে উদযাপন কৰা হয় এই ভাৰতীয় সেনা দিৱস। 

ভাৰতীয় সেনাৰ প্ৰথমজন কমাণ্ডাৰ, ফিল্ড মাৰ্ছেল কে. এম. কেৰিয়াপ্পাৰ স্মৃতিত ভাৰতীয় সেনা দিৱস পালন কৰা হয়। ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ক'ভিড প্ৰট'কল মানি দেশৰ সকলো আৰ্মী কমাণ্ড হোডকোৱাৰ্টাৰতে পালন কৰা হৈছে ভাৰতীয় সেনা দিৱস।