bladed knife

বঙাইগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড।

দোলাইগাঁৱৰ উজানপাৰাত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। বাণীকান্ত বৈদ্য নামৰ ব্য়ক্তি এজনক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে।

উল্লেখ্য় যে ভূমি বিবাদৰ বাবে এই জঘন্য ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে। 

আৰক্ষীয়ে জনোৱা অনুসৰি, প্ৰাতঃ ভ্ৰমণৰ সময়ত গকুল ৰায়ে ভূমি বিবাদৰ বাবে বাণীকান্ত বৈদ্যৰ ডিঙিটো বহল ব্লেডযুক্ত চুৰিৰে কাটি পেলায়। পুৱা প্ৰায় ৬ বজাত উত্তৰ বঙাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দোলাইগাঁও উজানপাৰা অঞ্চলত এই হত্যাকাণ্ড সংঘটিত হয়।