Punjab Polls

ৰাজনীতিবিদসকল তেওঁলোকৰ বহুতো প্ৰতিশ্ৰুতি আৰু বিনামূলীয়া আচঁনিৰ বাবে সৰ্বাধিক জনাজাত।

আৰু সাধাৰণতে যিবোৰ আগন্তুক নিৰ্বাচনৰ আগতে ঘোষণা কৰা দেখা যায়। এই ধাৰা অব্যাহত ৰাখি পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী নৱজ্যোত সিং সিদ্ধুৱে সোমবাৰে প্ৰতিগৰাকী মহিলাক প্ৰতিমাহে ২,০০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছে যদিহে তেওঁৰ দল ক্ষমতালৈ আহে।

নৱজ্যোত সিং সিদ্ধুৱে আগন্তুক ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে আৰু ভোটাৰসকলক প্ৰলোভিত কৰিবলৈ সকলো সম্ভৱ উপায় চেষ্টা কৰা দেখা গৈছে।