আজাৰাস্থিত ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ গাইডেন্স আৰু কাউন্সেলিঙৰ এখন কৰ্মশালা ২৫ জানুৱাৰীত দিনৰ ১০ বজাত অনুষ্ঠিত হয়। স্নাতকোত্তৰ শিক্ষক দিগন্ত কুমাৰ বড়াই আঁত ধৰা আৰু ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত কুমাৰ পাটগিৰিয়ে আদৰণি ভাষণ আগবঢ়োৱা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰযুক্তি বিদ্যাপীঠৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই।
- Today is: