Assam Mizoram Border

অসম-মিজোৰাম সীমান্তৰ ঢোলাই উপ-সংমণ্ডলৰ অন্তৰ্গত খুলিচাৰা অঞ্চলত অবৈধ দেশীয় সুৰা বিক্ৰী কৰি থকা অৱস্থাত শনিবাৰে কাছাৰ আৰক্ষীয়ে চাৰিজন মিজো যুৱকক ধৰা পেলায়।

এক গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে ঢোলাই উপ-সংমণ্ডলৰ অন্তৰ্গত আন্তঃৰাজ্যিক সীমান্তৰ খুলিচাৰা গাঁৱত অভিযান চলায় আৰু লালনুনহলিমা, লালডনগ্লিয়ানা, লালফাকাৱমা আৰু লাল্টহাকিমা নামৰ চাৰিজন মিজো যুৱকক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ দখলৰ পৰা প্ৰায় ১০০ লিটাৰ অবৈধ দেশীয় সুৰা জব্দ কৰে।

আৰক্ষীয়ে দিয়া তথ্য় অনুসৰি, চাৰিওজন মিজো যুৱক মিজোৰামৰ ফেইনাম অঞ্চলৰ বাসিন্দা।