Kaziranga Nation Park

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশক লৈ ক্ষোভ প্ৰকট খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ। মাইক্ৰ’ব্লগিং চাইট Xত ক্ষোভ উজাৰিলে শাসকীয় পক্ষৰ বিধায়কজনে। প্লাষ্টিক আৱৰ্জনাৰে লোতেৰা হৈ পৰা কাজিৰঙাৰ তিনিখন ফটো Xত শ্বেয়াৰ কৰে বিধায়কজনে। ফটোকেইখন শ্বেয়াৰ কৰি বিধায়ক শইকীয়াই উল্লেখ কৰে– কাজিৰঙাৰ অন্ধকাৰ দিশ এইটো। কাজিৰঙাৰ কেন্দ্ৰস্থল কহৰা চাৰিআলিৰ লেতেৰা পৰিৱেশৰ ছবি কেইখন প্ৰচাৰ কৰি বিধায়ক শইকীয়াৰ প্ৰশ্ন– এয়াই গুণগত পৰ্যটন নেকি? পৰ্যটনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাক কটাক্ষ কৰি শইকীয়াৰ প্ৰশ্ন–পৰ্যটন বিভাগৰ কাম অকল ৰাজহ সংগ্ৰহ হে নেকি?