পিতৃৰ সমানে সমানে পুত্ৰও এতিয়া এখন চিনাকী মুখ।
নন্দিলৰ আৰম্ভ হৈছে এক নতুন শৈক্ষিক যাত্ৰা। ব্যস্ততাৰ মাজতো পৰিয়ালক সময় দিবলে এৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বাংগালুৰুস্থিত National Law School of India Universityত অধ্যয়নৰ বাবে সুযোগ পাইছে মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰই। CLATত ৪০ নম্বৰ ৰেংক অৰ্জন কৰি দেশৰ ভিতৰতে প্ৰেষ্টিজিয়াছ National Law School of India Universityত নামভৰ্তি কৰিলে নন্দিলে।
নামভৰ্তিৰ পাছত ব্যস্ততাৰ মাজতো বাংগালুৰুত পুত্ৰক হোস্তেলত থবলৈ পৰিয়ালসহ গ’ল মুখ্যমন্ত্ৰী। এই মুহুৰ্ততো সামাজিক মাধ্যমত প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।