Congress MLA

দিন বেয়া চলিছে বাঘবৰ সমষ্টিত সদ্য নিলম্বিত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ।

অসম আন্দোলনৰ শ্বহীদৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা বিতৰ্কিত বিধায়কজনৰ বিৰুদ্ধে এইবাৰ উত্থাপিত হৈছে বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ।

শুকুৰবাৰে বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে। বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত শ্বেৰমানক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিশেষ আদালতত হাজিৰ কৰোৱা হয়। আৰু আদালতে ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে বাঘবৰ সমষ্টিৰ বিধায়কজনক।