UB media

মহানগৰীত চিটিবাছৰ দৌৰাত্ম্য।

জালুকবাৰীত তীব্রবেগী চিটিবাছে মহতিয়াই নিলে স্কুটাৰসহ আৰোহীক।

চিটিবাছৰ চকাৰ তলত সোমাই পৰে স্কুটাৰখন ।

দুৰ্ঘটনাত স্কুটাৰৰ চালক আৰু আৰোহীয়ে কম বেছি পৰিমাণে আহত হয় ।

আহত দুগৰাকীৰ নাম মফিজুল ইছলাম আৰু আব্দুল খালেক বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ AS01GC7100।

দুৰ্ঘটনাত পতিত স্কুটাৰখনৰ নম্বৰ AS01DB0175।

পাছত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে যানবাহন আৰক্ষীয়ে।