Legendary Singer

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ কৰোনাত আক্ৰান্ত।

মঙলবাৰে মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয় গায়িকাগৰাকীক। বৰ্তমান লতা মংগেশকাৰৰ দেহত কৰোনাৰ সামান্য লক্ষণ দেখা গৈছে। পৰিয়ালৰ লোকে জনাইছে যে বৰ্তমান গায়িকাগৰাকীৰ স্বাস্থ্য ঠিকেই আছে যদিও বয়সৰ বাবে তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছে।