Ashiful Islam

হাউলীত বেঁকী নৈত অঘটন। গা ধুবলৈ গৈ সন্ধানহীন হ’ল দেউলীপাৰাৰ আছিফুল ইছলাম।

বেঁকী নৈত গা ধুবলৈ নামিছিল আছিফুল, ছাকিবুল নামৰ দুই শিশুৱে।

পানীৰ সোঁতে উটুৱাই লৈ গৈছিল দুয়োকে। স্থানীয় ৰাইজৰে ছাকিবুল ইছলামক উদ্ধাৰ কৰে যদিও উদ্ধাৰ নহ’ল আছিফুল ইছলাম।

আছিফুল ইছলামক বিচাৰি SDRFৰ অভিযান অব্যাহত ৰাখিছে। বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই শিশুটি