Darrang Police

দৰংৰ গৰুখুটি কৃষি প্ৰকল্পৰ বেদখলকৃত ভূমি বেদখলমুক্ত কৰিবৰ বাবে তৎপৰ হৈ পৰিছে দৰং জিলা প্ৰশাসন। সাজু হৈছে কেইবা শতাধিক নিৰাপত্তাৰক্ষী।

বেদখলকৃত ৭৭,৪২০ বিঘা ভূমি বেদখলমুক্ত কৰিবৰ বাবে ১০টা জ’নত ভাগ কৰা হৈছে। কিছুসময়ৰ পিছতেই আৰম্ভ কৰা হ’ব উচ্ছেদ অভিযান। ১ আৰু ৩ নং ধলপুৰৰ পৰা আৰম্ভ হ’ব উচ্চেদ কাৰ্য।

উল্ল্যেখযোগ্য যে, প্ৰব্ৰজনকাৰী সংখ্যালঘু একাংশ লোকে উক্ত ভূমি বেদখল কৰিছিল। এই বেদখলকৃত ভূমিসমুহত ৰাজ্য চৰকাৰে কেবিনেটৰ সিদ্ধান্ত মৰ্মে ৯ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে কৃষিপ্ৰকল্প ৰূপায়নৰ বাবে কাৰ্যব্যৱস্হা হাতত লৈছে আৰু আজি উচ্ছেদৰ বাবে তৎপৰ হৈ পৰিছে।