Mini Secretariat

শিলচৰৰ ৰংপুৰ জিৰো পইণ্টত থকা তেওঁৰ প্ৰতিমূৰ্তিত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ২ দিনীয়া বৰাক উপত্যকা ভ্ৰমণ আৰম্ভ কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ টুইটাৰযোগে লিখে, "বৰাক উপত্যকালৈ উভতি অহাটো এক সৌভাগ্যৰ বিষয়। শিলচৰৰ ৰংপুৰ জিৰো পইণ্টত থকা তেওঁৰ প্ৰতিমূৰ্তিত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনাই আজি মোৰ ভ্ৰমণ আৰম্ভ কৰিছো। তেওঁৰ সুউচ্চ দৃষ্টিয়ে আমাক পথ প্ৰদৰ্শন কৰি আহিছে। তেওঁৰ আশীৰ্বাদ আৰু মোৰ প্ৰাৰ্থনা।"